অসমীয়া গণবিশ্বকোষত কেনেকৈ লিখিব
From Wikipedia
অসমীয়া গণবিশ্বকোষলৈ স্বাগতম| আশাকৰো আপুমি অসম তথা অসমীয়া ভাষাৰ এজন সচেতন শুভাকাংক্ষী হিচাবে আপোনাৰ বহুমূলীয়া অবদানেৰে এই অসমীয়া সাৰ্বজনীন গণবিশ্বকোষৰ সৌষ্ঠৱ বৃদ্হিৰ উদ্দেশ্যৰে এই পৃষ্ঠালৈ আহিছে|
সৰ্বসাধাৰণতে কম্পিউটাৰত অসমীয়া আখৰ লেখা বুলিলে বৰ টান কাম যেন ভবা যায়| বিশেষকৈ অসমীয়া "কী বৰ্ড"-অৰ প্ৰয়োযন হব আৰু ব্যৱহাৰ কৰিবলৈ নতুনকৈ শিকিব লাগিব বুলি| আমি প্ৰায় সকলোৱেই ইংৰাজী "কী বৰ্ড" ব্যৱহাৰ কৰো আৰু সেয়ে এনেদৰে ভৱাটো স্বাভাৱিক| কিন্ত প্ৰকৃততে তেনে নহয়| ইয়াৰ কাৰণে অসমীয়া কীবৰ্ড সিকাৰো কোনো প্ৰয়োজন নাই, থকাখনেৰেই (ইংৰাজী) হব, কাৰণ ইয়াক "ধ্ৱনি লেখন" (phonetic typing) ব্যৱহাৰ কৰা হয - যেনে "অসমীয়া" বুলি লিখোতে ইংৰাজী "কীবৰ্ড"-অত "অ"=Ctrl+Alt+a, "স"=x, "মী"=mI "য়া"=ya লিখিলেই হ'ল| বিষদ জানিবৰ কাৰণে তলৰ বাকীখিনি পঢ়ক|
Contents |
[edit] ৰাইজে নখ জোকাৰিলে নৈ বয়: লিখো, আহক!
তাত্বিক পৰ্য্যায়ত কবলৈ গলে ইযাত সকলোৱে অতি সহজতে লিখিব পাৰে, দৰাচলতে ইয়েই হৈছে এই অসমীয়া গণবিশ্বকোষ প্ৰকল্পৰ মূ্ল ভেটি| সাধাৰণভৱে কবলৈগ'লে আজিৰ যুগত আমি যথেষ্টসংখ্যক অসমীয়াই ইন্টাৰনেট ব্যৱহাৰ কৰে| এইসকলৰ প্ৰত্যেকেই কম-বেছি পৰিমানে কোনো এটা নহয় কোনো এটা বিষয়ত পৰ্গত| গতিকে আমি সকলোৱে যদি এই বিষয়বোৰৰ ওপৰত লেখা আৰম্ভ কৰো, বা অন্যক লেখাত সহায় কৰো, আমি পাম এখন বিনামূলীয়া অসমিয়া বিশ্বকোষ (সহস্ৰজনৰ অৱদানেৰে সম্বৃদ্ধ!) কম্পিউটাৰ পৰি্ভাষাত এইদৰে লিখাক "ৱিকি" (wiki) লিখা বোলে - সেয়ে "ৱিকিপেডিয়া" (wikipedia): আমি অসমীয়াত কৈছো "গণবিষ্ৱকোষ"|
[edit] লেখকৰ অৰ্হতা
- অসমীয়া ভাষাৰ জ্ঞান: ষাধাৰণভাবে লিখিব পাৰিলেই হ'ব| আপুনি মাথোন লিখা আৰম্ভ কৰক, ভুল হ'লে কোনোবাই শুধৰাই দিবই|
- কম্পিউটাৰৰ জ্ঞান: সম্যক জানিলেই হ'ল, ইমানখিনি পালেহি যেতিযা বাকিখিনিও পাৰিব
- বৃত্তিজত বা বিষয়গত বিশেষ জ্ঞান/য়োগ্যতা: বাঞ্ছনীয় (নহলেও হয্)| ইয়াত লিখিবলৈ আপোনাৰ সুবিধাৰ বিষয় বাচি লওক, আৰু আৰম্ভ কৰক| (ভুল হ'লে ৰাইজ "বেকত আছে!")
- আনুষ্ঠানিক শিক্ষা: চহাৰ পৰা পণ্ডিতপৰ্যন্ত সকলোৱে লিখিব পাৰিব|
- সামাজিক "বিশেষ যোগ্যতা": নালাগে| এইখন "গণ"বিশ্বকোষত ৰাইজেই ৰজা!
[edit] প্ৰাৰম্ভিক প্ৰস্তুতি
তলত দিযা প্ৰক্ৰিযা অনুসৰণ কৰক:
- আপোনাৰ কম্পিউটাৰত অসমীয়া "ফণ্ট" (Font) "ইনষ্টল" (install) কৰিব লাগিব| কম্পিউটাৰত অসমীয়া আখৰ ইন্স্টল কৰিবলৈ প্ৰথমতে আমি যথাযোগ্য "চফ্টৱেৰ" আৰু "ফন্ট" কম্পিউাৰত ইন্স্টল কৰিব লাগিব| এই বিনামুল্যে সহ্যজলভ্য "চফ্টৱেৰ" তলত দিযা সূত্ৰৰপৰা "ডাউনলড" কৰিব পৰা যায়| কেনেকৈ ইনস্টল কৰে জানিবৰ বাবে লগত দিযা নিৰ্দেশাৱলী অনুসৰণ কৰিগলেই হল|
এই সূত্ৰৰপৰা অসমীয়া আখৰ আৰু সহযোগী চফ্টৱেৰ "ডাউনলড" কৰক|
- "অসমীযা গণবিশ্বকোষ"ত (মানে এই "ৱেবদাইট"ত) আপোনাৰ নাম পন্জীয়ন কৰিব লাগিব|
[edit] নতুন প্ৰৱন্ধ লিখিবৰ বাবে
যদি আপুনি ৱিকিপিডিয়াৰ অসমীয়া সংস্কৰণত অসমীয়াত লিখা প্ৰবন্ধ প্ৰকাশ কৰিব খুজিছে, তেনেহ'লে আপুনি কেইটামান সীমাবদ্ধতা সম্পৰ্কে সচেতন হোৱাটো বাঞ্চনীয়।
১. বৰ্ত্তমানে ৱিকিপিডিয়াই কেবল য়ুনিক'ড য়ু.টি.এফ-৮ সম্বলিত লিপিহে গ্ৰহণ কৰে। সাধাৰণতে ৱিন্দ'জ এক্স.পি কম্পিউটাৰত এই লিপি সম্বলিত থাকে, কিন্তু তাক আপুনি নিজে আপোনাৰ কম্পিউটাৰত ব্যৱহাৰযোগ্য কি তুলিব লাগিব। তাকে কৰিবলৈ আপুনি তলৰ প্ৰণালীটো গ্ৰহণ কৰিব পাৰেঃ
কেবল ৱিন্দ'জ এক্স.পি কম্পিউটাৰৰ বাবে
ক) আপোনাৰ কম্পিউটাৰৰ START মেনুখনলৈ যাওঁক
খ) CONTROL PANEL খন খোলক
গ) DATE,TIME,LANGUAGE AND REGIONAL OPTIONS ত ক্লিক কৰক
ঘ) ADD OTHER LANGUAGESত ক্লিক্ কৰক।
ঙ) REGIONAL AND LANGUAGE OPTIONS মেনুখনত